সমললৈ যাওক

পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰস্তাবনা]
ভাগ্যপৰীক্ষা
ভাগ্যে শুদা, কি কৰিব পাৰে

ধন যদি নেথাকে সহায়?

ভা-ক ধনকন্যা, নাই বল ধনৰ সমুলি।

ধনৰ যি বল দেখি,
জোনৰ পোহৰ যেনে, নিজৰ নহয়;
ভাগ্যৰহে বল সিও;
অবুজন জনে জানে ধন-বল বুলি।
'ভাগ্য নেথাকিলে,ধনত সকাম নাই,
নোৱাৰে কৰিব একো ধনে;
ভাগ্য হলে, এনেয়ে ওলায় ধন,
ধনৰ নাটনি বুলি
ন’হৈ নেথাকে কোনো কাম।

ধ-ক কি হব মুখেৰে ক'লে?

আহাঁ বাৰু কৰি চাওঁ প্ৰমাণ ইয়াৰ।

ভা-ক দিনে দিনে জগতত

ইয়াৰেহে প্ৰমাণ সদায়;
তেও যদি লাগে কিবা নতুন প্ৰমাণ,
কৰাঁ বাৰু, যেনে মন যায়।

ধ-ক আহাঁ তেনে, যাওঁ দুয়ো ছদ্মবেশ ধৰি।

সমুলি দুখীয়া চাই
কৰোঁ। মই এজনক ধন বিতৰণ,
নেলাগে কৰিব তুমি সহায় একোকে,
অকল ধনেই চাবাঁ কি কৰিব পাৰে।