সমললৈ যাওক

পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ভাগ্যপৰীক্ষা
ভা-ক— যদি একো নোৱাৰে কৰিব ধনে?
ধ-ক— তেনেহলে, দেখুৱাবা তুমি,

আছে যদি কিবা বাৰু ভাগ্যৰ মহিমা।

ভা-ক— ভাল কথা,

আহ বাৰু, হলে। মই সন্মত ইয়াতে।

নৃত্য গীত।

দুয়ো—  কেনি আহোঁ আমি কেনি যাওঁ;

 কোনে ক'ব পাৰ কোৱা চাওঁ।
(আমি) আহিব খুজিলে কোনে নিবাৰে
 যাওঁ যদি কোনে ৰাখিব পাৰে;
(আমাৰ) ছায়াৰ শৰীৰ
 ভৰি বিজুলীৰ
 যেনি মন যায় উড়ি যাওঁ।
(আমি) কেতিয়ানো আহোঁ যাওঁ কেতিয়া
 গুণি গুণ গুণি গুণ নোপোৱাঁ;
 নোৱাৰাঁ ধৰিব
 জানিব বুজিব,
 কিয় আহোঁ আমি কিয় যাওঁ।