সমললৈ যাওক

পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ভাগ্যপৰীক্ষা

(নৃত্য গীতেৰে ভাগ্যকন্যাৰ প্ৰবেশ)

গীত।

ভাগ্যকন্যা— কোনে বোলে ধনক পন্য, ধন কদাপি ধন্য নহয়।

ধনে কি কৰিব পো ভাগ্য যদি নহয় সদয়।
 ভাগ্য যাৰ উদয় হ'ব।
 মাটি ফাটি ধন ওলাব
জয়-জয় মন-ময় যেনি তেনি, নদন-বদন ঘৰত সদায়।
 ভাগ্য নেথাকিলে হলে
 কি কৰিব ধনৰ দ'লে
মুঠিৰ ধনে উড়ি যাব, সাগৰ ছুলেও যাব শুকাই।
 ভাগ্যৰ গুণে শিলত পানী
 পায় মানুহে ফণীত মণি
ভাগ্যৰ দৰে বল একো নাই, জানে সদায় জনা বুজাই।

ধ-ক— ভাগ্যকন্যা, ভাবি চোঁৱা,

ধনৰ নিচিনা কৰি অতুল মহিমা।
থাকিলে ধনৰ বল
কি বল. লাগিছে আৰু?
ধনে যাক নোৱাৰে কৰিব,
এনে কাৰ্য্য নাই জগতত।