পৃষ্ঠা:ভবিষ্যত কথা.djvu/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
দামোদৰৰ ধৰ্ম্মপ্ৰচাৰ আৰু নাৰদসম্মিলন।


পাছে দেৱ ভগব ন, গুণিলন্ত মনে মনে,
  আৰ ইদেশত থাকো কিক।
যিবা কাৰ্য্য়ে পৃথিবীত,  অৱতাৰ ভৈলো আসি,
 সাধিবহু সমস্ত কাৰ্য্য়ক॥
গৌতমব মনোবথ,  সিদ্ধি ভৈলা অভিমত,
 পিতৃ মাতৃ পৰলোক গৈলা।
নিজ দেশ এৰি পাছে,  ভাতৃ দুইকো সঙ্গে লৈয়া,
 কামৰূপ দেশত আসিলা॥
তাতে এক দিব্য থান, পাতিলন্ত ভগবান,
  দেৱ-গৃহ সাজিলন্ত তথা।
সেহি দেৱ-গৃহে বসি,   দামোদৰ মহাযশী,
 কহে বেদ পুৰানৰ কথা॥
হৰি গুৰু দ্বিজবৰ,  আসয় তথাক লাগি
 শঙ্কৰ আসন্ত সেহি থান।
যেন ব্ৰহ্মা বিষ্ণু হৰ,   একই থানত বসি,
 ত্ৰিজগত কৰয় পালন॥
তিনি জনে আলোচিয়া,   মনে বিমৰিষ কৰি
 পশ্চিমক পঠাইলা ব্ৰাহ্মণ।
তান হাতে উদ্ধাৰিয়া  ভাগৱত শাস্ত্ৰচয়
 লভিলা বৈদিক নামৰত্ন॥