পৃষ্ঠা:ভবিষ্যত কথা.djvu/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
সন্ত চৰিত্ৰ।


সেহি হৰি নাম গাই  দামোদৰ যদুৰাই
  আপোনিও কৰিলন্ত মন॥
হৰিগুৰু, শঙ্কৰও   কহিলন্ত গোপ্য কৰি
 সুধা-হৰি-নাম-মহাধন॥
পাছে দেৱ দামোদৰ,   কলি মল কৰি দূৰ
  প্ৰচাৰন্ত শ্ৰৱণ ধৰ্ম্মক।
তাঙ্ক দেখি আন নৰ   গুৰু উপদেশ লৈয়া
 ইটো পন্থ দেখাই লোকক॥
শুনা সন্ত সাধু নৰ নকৰিবা কিছু ডৰ
  অৰ্জ্জুনত কহিলন্ত হৰি।
শুনা লখি ধনঞ্জয়   মোৰ জন্ম কৰ্ম্ম লই
  তযু আগে কহো নিষ্ঠ কবি॥
মই জগতৰ পতি   ভৈলো আসি উতপতি
 ক্ৰূৰ-কৰ্ম্ম ক্ষত্ৰিয়ব ঘৰে।
মোত হন্তে উপজিলা   নানাবিধ গুণচয়
 চাৰি বেদ শ্ৰুতি নিৰন্তৰে॥
তথাপিতো সান্দিপনি ব্ৰাহ্মণক গুৰু মানি
 পঢ়িলোহু বেদ শাস্ত্ৰ যত,
পূজা বিধি হোম দান   কৰো মই অনুক্ষণ
 এহি পন্থ দেখাও লোকত।