পৃষ্ঠা:ভবিষ্যত কথা.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
সন্ত চৰিত্ৰ


বিদেশী সন্ন্যাসীগণে,  প্ৰশংসন্ত সৰ্ব্বজনে,
  ধন্য ধন্য সুশীলা কুমাৰ।
ঋষিগণে কৃতাঞ্জলি  জয় দামোদৰ বুলি,
  জানো তুমি জগত ঈশ্বৰ॥
অৱতাৰ ভৈলা আসি,  অজ্ঞান আন্ধাৰ নাশি
  লোকৰ চিন্তিবে লৈলা হিত।
তযু নাম মুখে স্মৰি,  সংসাৰ সাগৰ তৰি,
  লৈবো স্থান বৈকুণ্ঠ পুৰত॥
আন বন্ধু জ্ঞাতিগণ,  সবাৰো সন্তোষ মন,
  দেখি দামোদৰৰ স্বভাৱ।
পিতৃ মাতৃ দুহান্তৰ   আনন্দৰ নাই পাৰ,
  তনয়ৰ নিৰখি প্ৰভাৱ॥
পূৰ্ব্ব কৰ্ম্ম বন্ধ যত,  সবেও ভৈলন্ত হত,
  মহা জ্ঞান দুহান্তৰ ভৈলা।
কাল ভৈলা অবসান,  আগপাছ কৰি দুয়ো,
  প্ৰাণ ত্যজি মুকুতি লভিলা॥
প্ৰেত কাৰ্য্য সাঙ্গ কৰি   লোকাচাৰ অনুসৰি
  যত জ্ঞাতিগণ সবে মিলি।
ব্ৰাহ্মণগণক মাতি,   বিধি ব্যৱহাৰে আতি,
  দিলা প্ৰেত পিণ্ড জলাঞ্জলি॥