পৃষ্ঠা:ভবিষ্যত কথা.djvu/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১
দামোদৰৰ ধৰ্ম্মপ্ৰচাৰ আৰু নাৰদসম্মিলন।


যদি বুৰ দিয়া গৈয়া সপ্ত সাগৰত।
যদি শ্ৰম কৰি বসি থাকাহা গৃহত॥
পূৰ্ব্ব কৰ্ম্ম শুভাশুভ মাত্ৰ কৰ্ম্ম ফল।
অৱশ্যে ইজন্মে আসি মিলিবে সকল॥
কদাচিত নচাৰিষ কৰ্ম্ম ফল যত।
যেন শৰীৰক ছায়া নছাৰে সতত॥
হেন জানি এৰিও আক্ৰোশ আশাকাম।
আন চিন্তা ভাব এৰি চিন্তা ৰাম নাম॥
তেবেসে তৰিবা ঘোৰ সংসাৰ সাগব।
নাহি আন শ্ৰেষ্ঠ ধৰ্ম্ম কীৰ্ত্তনত পৰ॥
জানিয়া যতনে তৰিবাৰ কৰা কাম।
পাতক ছাৰোক ডাকি বোল বাম ৰাম॥

দামোদৰৰ ধৰ্ম্মপ্ৰচাৰ আৰু
নাৰদসম্মিলন।

এহি মতে দেৱ হৰি,  কলিমল দূৰ কৰি,
  গৃহস্থ ধৰ্ম্মক আচৰন্ত।
পিতৃসেৱ কৰে নিত্য,  মাতৃৰ ৰঞ্জিয়া চিত্ত,
  দেৱ দ্বিজ সবাকো অৰ্চ্চন্ত॥