পৃষ্ঠা:ভবিষ্যত কথা.djvu/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
সন্ত চৰিত্ৰ।


দ্বিজগণে কৰ্ণত গায়ত্ৰী জপিলন্ত।
কতদিন ব্ৰহ্মচৰ্য্য় ব্ৰত ধৰিলন্ত॥
এহি মতে মনুষ্যৰ চেষ্টাক দেখন্ত।
গৃহ ধৰ্ম্ম কৰিলন্ত দামোদৰ সন্ত॥
গহীনত ভৈলা যেন অগাধ সাগৰ।
পৃথিবী সমান শান্ত ৰূপ পুৰন্দৰ॥
মহা শান্তশীল যশ ঘোষে দশোদিশ।
যেন পূৰ্ণ চন্দ্ৰ সিটো ৰশ্মিয়ে প্ৰকাশ॥
সদায়ে কৰন্ত ভক্তি শ্ৰৱণ কীৰ্ত্তন।
দেখি পিতৃ মাতৃ দোহে আনন্দিত মন॥
আপুনি আচৰে ধৰ্ম্ম লোকক শিখান্ত।
এহি মতে সনাতন ধৰ্ম্ম প্ৰবৰ্ত্তান্ত॥
শুনা সৰ্ব্ব জন আবে কৃষ্ণব চবিত্ৰ।
শুনন্তে কৰ্ণত যেন বৰিষে অমৃত॥
দুৰ্ল্লভ মনুষ্য তনু নপাইবা সেন্থৰে।
হেন জানি হৰি পাৱে ভজা নিৰন্তৰে॥
মনুষ্যৰ সুখ দুখ লেখিছে বিধাতা।
তাক ৰাত্ৰি দিনে কি কাৰণে কৰা চিন্তা॥
সুখক ইচ্ছায়ে যদি চলা স্বৰ্গ লোক।
শ্ৰম কৰি ফুৰ যদি দেশ বিদেশক॥