পৃষ্ঠা:ভবিষ্যত কথা.djvu/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
দামোদৰ দেৱৰ জন্ম।


পাছে সদানন্দ মহা হৰষিত মন।
আনিল বহুত বেদবিৎ বিপ্ৰগণ॥
সুহৃদ সকলে পাছে কবি সুমঙ্গল।
বালকৰ জাত কৰ্ম্ম কৰিলা সকল॥
বেদক বিচাবি গণি পঢ়ি অনুপাম।
থৈলন্ত শিশুৰ দ্বিজে দামোদৰ নাম॥
শুনা সদানন্দ বুলি দ্বিজ গণে মাতি।
তযু তনয়ৰ হৈব দশোদিশে খ্যাতি॥
জন্মিলা ঋষিৰ যত পুৰুষ একৈশ।
সি কাৰণে আন নাম থৈলা হৃষিকেশ॥
ভকতৰ মনোৰথ সাধিব সকল।
সি হেতু থৈলন্ত নাম ভকত বৎসল॥
নানা সন্ত ধৰ্ম্ম আচৰিব তযু সুত।
ধৰ্ম্ম অনুৰূপে নাম হৈবন্ত বহুত॥
হেন শুনি সদানন্দে ভৈলা হৰষিত।
দানে মানে ব্ৰাহ্মণব সন্তোষিলা চিত॥
ননা শিশু লীলা আচৰিলা কত দিন।
অনন্তবে শিশু আসি বাঢ়িলা যৌবন॥
আনিলন্ত বিপ্ৰগণে কৰি নিমন্ত্ৰণ।
দিলা যজ্ঞ সুত্ৰ বিধিমতে বিপ্ৰগণ॥