পৃষ্ঠা:ভবিষ্যত কথা.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
সন্ত চৰিত্ৰ।


দুষ্টক সংহাৰি সজ্জনক প্ৰতিপালি।
এহি বুলি অৰ্জ্জুনক কৈলা বনমালী॥
পুৰাণ ভাৰত আন শাস্ত্ৰৰ সম্মতে।
শুনি আছো ঈশ্ববৰ কৰ্ম্ম জন্ম যতে॥
দেখিলা দুৰ্জ্জন কলি সবাক দংশিলা।
পুৰাতন ধৰ্ম্ম কৰ্ম্ম সবাক নাশিলা॥
হেন দেখি ত্ৰিজগত পতি দেৱ হৰি।
অৱতাৰ ভৈলা আসি জানো নিষ্ঠ কৰি॥
এহি মতে গুণি মনে কৰিলন্ত স্থিৰ॥
ভৈলা বিষ্ণু বুদ্ধি প্ৰেমে বোমাঞ্চ শবীৰ॥
আনন্দে লোকত দুয়ো নয়নৰ ঝৰে।
গদ গদ বাক্যে বুলিলন্ত ধীৰে ধীৰে॥
শুনিয়োক দ্বিজবৰ মোহৰ বচন।
তোমাৰ গৃহত জনমিলা নাৰায়ণ॥
উদ্ধ ৰিবে মনে পৃথিবীৰ লোক যত।
নিস্তাবিব তোমাৰ উপৰি বংশ যত॥
জগতৰ কল্যাণ সাধিব তযু সুত॥
শুনি সদানন্দ ভৈলা মহা হবষিত॥
এহি বুলি নিজ স্থানে গৈলন্ত শঙ্কৰ।
মুখে উচ্চৰন্ত ৰাম কৃষ্ণ দামোদৰ॥