সমললৈ যাওক

পৃষ্ঠা:ভবিষ্যত কথা.djvu/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
দামোদৰ দেৱৰ জন্ম।

উৰুলি পাৰয় মিলি যত নৰ নাৰী।
দ্বিজে আশীৰ্ব্বাদ দেন্ত বেদ মন্ত্ৰ পঢ়ি॥
নলঞ্চাৰ সমীপে আছয় এক গ্ৰাম।
বটদ্ৰৱা নামে শস্যে মৎস্যে অনুপাম॥
সেহি গ্ৰামে থাকি কথ শুনিলা শঙ্কৰ।
উপজিলা শিশু এক মিত্ৰ ব্ৰাহ্মণৰ॥
লোকৰ মুখত শুনি শিশুৰ লক্ষণ।
চাহিবে গৈলন্ত সঙ্গে ভক্ত দুই জন॥
দেখিলা শঙ্কৰে শিশু পুৰুষ লক্ষণ।
জ্ঞান দৃষ্টে চাহি আছিলন্ত কতক্ষণ॥
আনে কিছু নাজানন্ত ঈশ্বৰৰ তত্ত্ব।
শঙ্কৰে দেখিলা শিশু ঈশ্বব সাক্ষাত॥
মনত গুণন্ত হৰি ভৈলা অৱতাৰ।
অজ্ঞান নাশিব ধৰ্ম্ম কবিব প্ৰচাৰ॥
অৰ্জ্জুনৰ আগে হৰি মহাভাৰতত।
আপোনাৰ জন্ম কৰ্ম্ম কহিলা সমস্ত॥
যেহি কালে পুৰাতন ধৰ্ম্ম নষ্ট হয়।
অধৰ্ম্ম আচাৰ যি কালত প্ৰৱৰ্ত্তয়॥
সেহি সেহি কালে সখি মোৰ অৱতাৰ।
অধৰ্ম্ম বিনাশি কৰ ধৰ্ম্মক প্ৰচাৰ॥