এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
সন্ত চৰিত্ৰ।
মোহৰ গৃহত জনমিলা ভগবান।
পৰম বিস্ময় ভৈলা তবধ নয়ন॥
আথে বেথে বস্ত্ৰ সমে কৰিলন্ত স্নান।
দেৱ বিপ্ৰে ব্ৰাহ্মণক দিলন্ত গোদান॥
মহাপুরুষৰ চিহ্ন পুত্ৰৰ দেখিলা।
পৰম বিস্ময় ভৈলা মনত সুশীলা॥
কতবেলি সুস্থ হুয়া স্থিব কবি মন।
ঈশ্বৰ কৃষ্ণক আৰাধিলা কতক্ষণ॥
মনে বিমৰিষি বহিলন্ত দুই প্ৰাণী।
জগত-জনক প্ৰভু আছা চক্ৰপাণি॥
সমস্ত লোকৰ শুভাশুভ ফল দাতা।
দেৱৰ দেৱতা হৰি বিধিৰ বিধাতা॥
হেন হবি যাক যেন মতে প্ৰৱৰ্ত্তন্ত।
তাহানসে যশ চৰাচৰ আছে যত॥
তেহে উপজিলা কিবা আপোন ইচ্ছায়।
তাহান অতৰ্ক মায়া কোন জনে পায়॥
হেন বিমৰিষি ৰহিলন্ত দুই জন।
নলঞ্চা গ্ৰামত আছে যত প্ৰজাগণ॥
লৰালৰি কৰি আসি যত নৰ নাৰী।
কৌতুহলে সবে আসি চান্ত চক্ষু ভৰি॥