পৃষ্ঠা:ভবিষ্যত কথা.djvu/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
দামোদৰ দেৱৰ জন্ম।


সুন্দৰ বদন যেন পুৰ্ণিমাৰ শশী।
আয়ত লোচন যেন কমলৰ পাহি॥
ভ্ৰুযুগল মদনব ধনু সমতুল।
ৰুচিকৰ নাশা কৰ্ণ বঞ্জে তিলফুল॥
সুঠান চিবুক আতি দেখিবাক সুখ।
অৰুণ অধব হাসো হাসো কৰে মুখ॥
কম্ব কণ্ঠ শোভিত বহল বক্ষঃস্থল।
সৰোবৰ সম নাভি ডম্বৰু কঙ্কাল॥
সেহি কঙ্কালত পূৰ্ব্বে জৰি লগাই টানি।
কোপে উৰুখলত বান্ধিলা নন্দৰাণী॥
সেহি বন্ধদব সাঞ্চ আছয় কঙ্কালে।
আৰ কত ৰত্নৰ মেখলা সম জ্বলে॥
দুই খান ভুজ জ্বলে আজানুলম্বিত।
কৰী-কৰ সম উৰু বৰ্ত্তুল বলিত॥
চৰণ যুগল যেন নৰপদ্ম কোষ।
যাক মনে ধৰি পাৱে ভকতে সন্তোষ॥
পদতল বাতুল নবীন কিশলয়।
ধ্বজ ব্ৰজ পঙ্কজ অঙ্কুশে শোভা পায়॥
শৰীৰ কান্তি দশ দিশে প্ৰকাশন্ত।
অদ্ভুত বালক সদানন্দে দেখিলন্ত॥