এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
সন্ত চৰিত্ৰ।
তপ্ত সুবৰ্ণৰ সম ভৈলা উজ্জ্বলিত॥
সুশীলাক দেখি সৰ্ব্ব লোকে আনন্দিত॥
অনন্তৰে আসি দশ মাস পূৰ্ণ ভৈলা।
শুভ গ্ৰহগণ আসি একত্ৰে মিলিলা॥
পৰম মঙ্গল মিলিলন্ত দশো দিশ।
সজ্জনৰ মনে মহা মিলিলা হবিষ॥
স্বৰ্গত দেৱতাগণে কবে মহাৰঙ্গ।
বৰষিলা কৌতুহলে মালতী লৱঙ্গ॥
গহীন গৰ্জ্জন কৰে মেঘে আকাশত।
নদ নদী প্ৰসন্ন পঙ্কজে সুশোভিত॥
স্বৰ্গত গন্ধৰ্ব্বে কৰে মৃদঙ্গৰ ধ্বনি।
অপ্সৰায় গাৱে গীত সুললিত শুনি॥
প্ৰফুল্লিত উপবন ভৈলা জ্যোতিষ্কাৰ।
গুঞ্জবি গুঞ্জৰি মধু খায় মধুকৰ॥
শীতল মলয়া বাৱ বহে নিৰন্তৰ।
সেহি সময়ত উপজিলা দামোদব॥
সুশীলাৰ গৰ্ভ হন্তে ভৈলন্ত বেকত।
অখণ্ড মণ্ডল চন্দ্ৰ যেহেন উদিত॥
গৌড়াঙ্গ সুন্দৰ তনু শৰীৰ নিৰূজ।
চাহন্তে চাহন্তে যেন দেখি চতুৰ্ভুজ॥