পৃষ্ঠা:ভবিষ্যত কথা.djvu/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
দামোদৰ দেৱৰ জন্ম।


এতেকতে বসুদেৱ যোগীৰ গৃহত।
উপজিলা সদানন্দ নামে ভৈলা খ্যাত॥
মহাজ্ঞানশীল দ্বিজ বিষ্ণুব ভকত।
মুখে মাধৱৰ নাম নুগুছে সতত॥
তান প্ৰিয়া ভাৰ্য্যা সুলক্ষিনী মহা সতী।
ৰূপে সুনিন্দিতা যেন সতী অৰুন্ধতী॥
নামত সুশীলা সদা স্বামীত ভকতি।
সমস্ত জীৱক বিষ্ণু বুলি যত্নৱতী॥
এহি মতে কতদিন আছে মহাসতী।
তান গৰ্ভে দুই পুত্ৰ ভৈলা উতপতি॥
সৰ্ব্বেশ্বৰ নাম থৈলা প্ৰথম পুত্ৰব।
কনিষ্ঠ পুত্ৰৰ নাম থৈলা ৰত্নাকৰ॥
দুই তনয়ক দেখি আনন্দ বিপ্ৰব।
দুয়ো ৰূপৱন্ত যেন অশ্বিনী কুমাৰ॥
এহি মতে কতদিন আছে দ্বিজবৰ।
মনত লৈলন্ত বাস তেজ ঈশ্বৰৰ॥
পৰম বৈষ্ণৱ তেজ ধৰি সদানন্দ।
উজ্জ্বল বদন মহা মিলালা আনন্দ॥
সুশীলাৰ গৰ্ভে দ্বিজ আনন্দে অৰ্পিলা।
বিষ্ণুক গৰ্ভত ধৰি প্ৰকাশে সুশীলা॥