এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
সন্ত চৰিত্ৰ।
দৈৱবশে অৱশ্যে তোমাক লাগ পাইব।
তযু দৰশনত অজ্ঞান দূৰ হইব॥
সন্ত ৰূপ ধৰি প্ৰচাৰিব হৰিকথা।
অন্তৰত দেৱদ্বিজ নিন্দিব সৰ্ব্বথা॥
হৈবেক মাধৱ নাম মহা বুদ্ধিমন্ত।
কবিতাত বিৰচিব মোৰ গুণ যত॥
কহিলোঁহু পূৰ্ব্বাপৰ তোমাৰ আগত।
নিস্তাৰিও পৃথিবীত লোক সব যত॥
এহি বুলি নাৰায়ণ সভা বিসৰ্জ্জিলা।
সমস্ত দেৱও নিজ স্থানে চলি গৈলা॥
বিষ্ণুৰ আদেশে মহাদেৱ ঋষিগণ।
নিজে নিজে পৃথিবীত ভৈলা উতপন্ন॥
কেহ ভৈলা ৰুদ্ৰ কেহ দ্বিজবেশ।
শ্ৰবণ কীৰ্ত্তন প্ৰচাৰিব দশদিশ॥
আছিলা কুসুম নামে কায়স্থ উত্তম।
মহা দানী মানী ৰূপে গুণে অনুপাম॥
দৈৱবশে কুসুমৰ নাহিকে সন্তাত।
আৰাধে শিৱক সিটো গুৰু অনুমতি॥
অনেক নৈবিদ্য ধূপ দীপ উপহাৰ।
বিধি মতে শিৱক অৰ্চ্চিয়া মাগে বৰ॥