পৃষ্ঠা:ভবিষ্যত কথা.djvu/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
পৌৰ্ণ্ডকৰ উপাখ্য়ান।


এহি মতে দিনে ৰাতি আৰাধে শিৱক।
কতদিনে তুষ্ট ভৈলা ত্ৰিদশ নায়ক॥
কুসুমৰ ভকতিত হৰ তুষ্ট ভৈলা।
আপুনি শঙ্কৰ হুয়া পুত্ৰ উপজিলা॥
দেখি কুসুমৰ আনন্দৰ নাহি পাব।
বৈষ্ণৱ ব্ৰাহ্মণে নাম থৈলন্ত শঙ্কৰ॥
পিতৃত কহিলা বালকব গুণ যত।
আপুনি শঙ্কব তযু গৃহত বেকত॥
কায়স্থ কুলব হৈব প্ৰফুল্ল কমল।
উদ্ধাৰ কৰিব বন্ধু বান্ধৱ সকল॥
পৰম চতুৰ হৈব মহা জ্ঞানশীল।
প্ৰচাৰ কৰিব হবি ভকতিৰ মেল॥
শুনি কুসুমৰ মনে মহা ৰঙ্গ ভৈলা।
দানে মানে ব্ৰাহ্মণৰ মন সন্তোষিলা॥
পূৰ্ব্বে পাৰ্ব্বতীৰ আগে কহিলা শঙ্কৰ।
তন্ত্ৰ মন্ত্ৰ সংহিতা পুৰাণ নিৰন্তৰ॥
ইদানিক পৃথিবীত হুয়া অৱতাৰ।
নানা ছন্দে নৃত্য গীত কৰিব প্ৰচাৰ॥
এহি মতে সন্ত সব হৈব অৱতাৰ।
কৰিব বিনাশ কলি-মল পুনৰ্ব্বাব॥