এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
পৌৰ্ণ্ডকৰ উপাখ্যান।
সৈন্যৰ মাঝত গৈয়া পৰিল যাদৱ।
পৰিখ মুষল গদা তুলি মাৰে কোব॥
ঘোৰ গদা তুলিয়া কোবায় ক্ৰোধ কৰি।
একৈক কোবত সৈন্য মৰে দশ কুড়ি॥
কেহ খাণ্ড বাৰু ধৰি কাটে কঙ্কালত।
কাৰৰ ঊৰু শিব কাটি পেলাৱে ভূমিত॥
কদলি বনত যেন পশিলা কুঞ্জৰ।
সেহি মতে প্ৰজাৰ কৰিলা মাহিমাৰ॥
বথ, গজ, বাজি, সেনা যতেক আছিলা।
প্ৰমত্ত যাদৱগণে ক্ষনেকে নাশিলা॥
ঘোৰ ধৰমাৰ গোল গৈলেক উথলি।
তেজে মাংসে পঙ্কময় ভৈলা ৰণস্থলী॥
ৰণ জিনি যদুগণ ভৈলেক হৰিষ।
সমদলে ধৰিলন্ত দ্বাৰকাৰ দিশ॥
এহি মতে বধিলোহু কপট পৌৰ্ণ্ডক ।
মোৰ হাতে মৰি সিটো গৈলা স্বৰ্গলোক॥
মৰিবাৰ বেলা মোক দেখিলা সাক্ষাৎ।
সবে দূৰ গৈলা গৰ্ব্ব অহঙ্কাৰ যত॥
গন্ধৰ্ব্ব লোকত আছে দিব্য ভোগ কৰি।
তযু সঙ্গা হৈব পৃথিবীত অৱতৰি॥