পৃষ্ঠা:ভবিষ্যত কথা.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
সন্ত চৰিত্ৰ।


সুদৰ্শন ৰাজাৰ যতেক সেনাচয়।
আটাসতে শঙ্কা লাগি ভৈলা মহাভয়॥
হুলস্থুল আন্দোল লাগিল উস্ মিস্।
ৰণ পৰিহৰি পলাইলা দশদিশ॥
ধৰ ধৰ কৰি যদুগণে ৰিঙ্গ পাৰি।
ক্ৰোধে খেদিবাক লৈলা অস্ত্ৰ শস্ত্ৰ ধৰি।
হেন দেখি সুদৰ্শন ৰাজা আগবাঢ়ি।
মোহৰ সম্মুখ ভৈলা ৰথ গতি কৰি॥
মোহৰ হিয়াত তাবিলেক ঘোৰ শৰ।
মৰ্ম্ম স্থান ভেদি ধাৰে নিকালে ৰুধিৰ॥
দেখিলোঁ যমক তিৰিমিবি কৰি মই।
শৰ ছোটে ৰণত পৰিলো মূৰ্চ্ছা যাই॥
গড়ুৰ ধ্বজক তাৰিলেক মবাবলী।
শৰ ছোটে ঘোটক সিঞৰে লেজ তুলি।
তাৰ সঙ্গে যত যুদ্ধ ভৈলেক মোহৰ॥
তযু আগে কতেক কহিব শূলধৰ॥
পাছে তুন হস্তে অৰ্দ্ধ চন্দ্ৰ শৰ লৈলোঁ।
তাহান বধক মনে ধনুত জুৰিলোঁ॥
মন্ত্ৰ অভিষেক কৰি কৰিলোঁ প্ৰহাৰ।
কিৰিটী সহিতে তাৰ ছিন্ন ভৈলা শিৰ॥