সমললৈ যাওক

পৃষ্ঠা:ভবিষ্যত কথা.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
পৌৰ্ণ্ডকৰ উপাখ্যান।


সূৰ্য্যৰ কিৰণ ঢাকি ভৈলা তমোময়।
আকাশ পৃথিবী দশদিকে শৰচয়॥
যাদবি সেনাৰ আবে ভৈলা মহামাৰ।
শৰে জৰ্জ্জৰিত গাৱ সমস্ত সেনাৰ॥
কাৰো উৰু কাৰো শিৰ কাৰো বক্ষঃস্থল।
ঘোৰ শৰ ঘাৱে দেহা কৰে টলবল॥
পলাইবাক লাগি দিশ নাপান্ত উদিশ।
ত্ৰাহি কৃষ্ণ বুলি সবে পাৰন্ত আটাস॥
কৈতবা আছাহা বলভদ্ৰ মহাশয়।
পৰিত্ৰাণ কৰা হেৰ যাওঁ যমালয়॥
শত্ৰুব হাতত আবে নবহন্ত প্ৰাণ।
হে ৰাম কৃষ্ণ আবে কৰা পৰিত্ৰাণ॥
এহি মতে দশ দিশে সৈন্যৰ আৰাৱ।
দেখি ক্ৰোধে আগবাঢ়ি গৈলা বলদেৱ॥
মুষল ধৰিয়া ভ্ৰমে ঘুৰাইয়া পাক।
মনিব নপাৰি যেন কুমাৰৰ চাক্॥
অদভূত কৰ্ম্ম কৰিলন্ত মহাবীৰ।
অস্ত্ৰ সব ছন্ন কৰি সৈন্য কৈলা স্থিৰ॥
কামদেৱ সাত্যকি সহিতে বীৰগদ।
বলক প্ৰশংসি কৰিলন্ত সিংহনাদ॥