এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
সন্ত চৰিত্ৰ।
কত বেলি চেতন লভিলা মহাবীৰ।
শীঘ্ৰে ধনু ধৰি বৰষিবে লৈলা শৰ॥
এহি মতে দুহান্তৰ ভৈলা ঘোৰ ৰণ।
তযু আগে সংক্ষেপে কহিলো ত্ৰিনয়ন॥
মহা বলৱন্ত বীৰ সমৰে সুজান।
মোৰ শৰ ছোটক নকৰে গনাগণ।
পাছে মই মনত গুনিলোঁ কত বেলি॥
পৌৰ্ণ্ডকৰ বধ হেতু শৰ লৈলোঁ তুলি॥
মন্ত্ৰ জপ কৰি শৰ জুৰিলো ধনুত।
প্ৰকাশন্ত শৰ যেন তৰুণ আদিত্য॥
শৰ জুৰি বুলিলোহু শুনবে পৌৰ্ণ্ডক।
মইসে ঈশ্বৰ বুলি ভাঙিলি লোকক॥
তোৰ যত ঐশিক শকতি দৰশাওঁ।
নুহি মোৰ শৰে যম সদনে পঠাওঁ॥
এহি বুলি শৰপাত প্ৰহাৰিলো ডাটি।
কিৰিটী কুণ্ডল সমে শিৰ নিলা কাটি॥
ৰথ হন্তে ধলিয়া পৰিল কলেবৰ।
হাহাকাৰ কৰে তাৰ প্ৰজা নিৰম্ভব॥
মিত্ৰৰ অৱস্থা দেখি ৰাজা সুদৰ্শন।
ক্ৰোধে ধনু ধৰি প্ৰহাৰিলা শৰগণ।