পৃষ্ঠা:ভবিষ্যত কথা.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
পৌৰ্ণ্ডকৰ উপাখ্যান।


পাছে তাঙ্ক বলিলোহু শুনৰে পৌৰ্ণ্ডক।
দুতৰ আগত গালি পাৰিলি মোহক॥
মইসে ঈশ্বব বুলি কৰিলিহি গৰ্ব্ব।
দেখা তোৰ গৰ্ব্ব আজি কৰিবহু খৰ্ব্ব॥
হেনয় ঈশ্বৰ তই মোক দেহ ৰণ।
এহি বুলি ক্ৰোধে তুলি লৈলো ধনুৰ্ব্বান।
হেন দেখি পৌৰ্ণ্ডকেও লৈলা ধনু তুলি।
দহ পাত নাবাচ জুৰিলা মহাবলী॥
আমাক লাগিয়া শৰ হানিলা আতপে।
আকাশ চানিয়া শৰ আসে একে জোপে॥
হেন দেখি সাৰঙ্গত অৰ্দ্ধ চন্দ্ৰ জুৰি।
কৰ্ণ মানে টানি প্ৰহাৰিলো লক্ষ্য কৰি॥
আকাশতে দশ শৰ কাটিলোঁ ত্বৰিতে।
খণ্ড খণ্ড হুয়া শৰ পৰিল ভূমিতে॥
পৌৰ্ণ্ডকৰ হিয়াত তাৰিলো পঞ্চ ভল্ল।
হৃদয়ত পৰি পুঙ্খমানে গৈলা তল॥
দাৰুণ সন্ধানে তান শ্ৰুতি ভৈলা হত।
কত বেলি কম্পি কম্পি পৰিলা ৰথত॥
নাহিকে চেতন গাৱে নিষ্পন্দ শৰীৰ।
সৰ্ব্বলোকে বলে প্ৰাণ গৈলা পৌৰ্ণ্ডকৰ॥