পৃষ্ঠা:ভবিষ্যত কথা.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
সন্ত চৰিত্ৰ ৷

শুনিয়ো সহস্ৰ শিৰ,  উপজিয়ো পূনৰ্ব্বাৰ,
 সন্ত-ধৰ্ম্ম কৰিবো প্ৰকাশ।
হৰি গুৰু নাম ধৰি, শ্ৰবণ কীৰ্ত্তন কৰি,
 তযু নাম গাইবো দশ দিশ॥
শুনা ব্যাস মুনিবৰ,  চাৰিও বেদৰ সাৰ,
 প্ৰচাৰিবা মহা ভাগৱত।
উপজিও পৃথিবীত,  লোকৰ চিন্তিয়া হিত,
 ভট্টদেৱ নাম হৈব খ্যাত॥
নাৰদৰ অংশে গৈয়া,  বংশীদেৱ নাম লৈয়া,
 ভকতিক কৰিও প্ৰচাৰ।
গুৰুদেৱ মহাযোগী,  যাইয়ো পৃথিবীক লাগি,
 হৈব সন্তদেৱ নাম যাৰ॥
দেৱ ভগবান নাম, ধৰিবাহা অনুপাম,
 শুনিয়ো দুৰ্ব্বাসা তপোধন।
পুষ্পদত্ত বিদ্যাধৰ, শুনিয়ো আদেশ মোৰ,
 পৃথিবীত হুয়ো উতপন্ন॥
এহি পঞ্চজন গৈয়া, আচাৰ্য্য নামক লৈয়া,
 মোক মনে চিন্তিবা সতত।
জীৱক কৰিয়ো দায়া, জ্ঞান উপদেশ দিয়া,
 মোব নাম কৰিবা বিদিত॥