পৃষ্ঠা:ভবিষ্যত কথা.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
হৰ হৰিৰ কথোপকথন।


মোৰ পাৰিষদগণ, পৃথিবীত উপসন,
 হৈবাহা বৈষ্ণৱ বাঢ়জন।
মোৰ নাম গুণ গীত, প্ৰচাৰিবা জগতত,
 শুনি দূৰ হৈব পাপগণ॥
শ্যাম, কাম, অনিৰুদ্ধ, যতেক যাদৱগণ,
  মোহৰ বংশত উপজিব।
পুত্ৰ নাতি পৰস্পৰে,  হৈব সন্ত সাধু নৰে,
  গুৰু হুয়া উপদেশ দিব॥
শুনিয়োক ত্ৰিপুৰাৰি,   তবু শুদ্ধ মত ধৰি,
 স্ত্ৰী, শূদ্ৰ সবেও তৰিব।
মায়াতে মোহিত মন, কত মহা মূঢ় জন,
 মত গৰ্ব্বে আমাক নিন্দিব॥
তযু পৰমাৰ্থ কথা,   শুনিবন্ত যথা তথা,
 তথাপিত মোহ হৈব মতি।
বেদ-বেদাঙ্গৰ মত,   উলঙ্ঘন কৰিবন্ত,
 দ্বিজক নিন্দিব দিনে ৰাতি॥
কপট বৈষ্ণৱ বেশ,   ধৰি কত মুঢ় জনে,
  কেৱল ধৰ্ম্মক আচৰিব।
লোকত দেখাইবে খ্যাতি,  সিটো মহা মূঢ়মতি,
 মনে দেব দ্বিজক নিন্দিব॥