পৃষ্ঠা:ভবিষ্যত কথা.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হৰ-হৰিৰ কথোপকথন ৷

প্ৰকাশিয়া ধম্মচয়, তযু সঙ্গী সমস্তয়,
 হৈব মহা বৈষ্ণৱ পৰম।
তযু নাম গুণ যত,  ঘোষিবেক জগতত,
 শঙ্কৰ হৈবেক তযু নাম।
মোৰ মহা প্ৰিয়তম,  মোৰ তেজ বীৰ্য্য সম,
 চাৰি সিদ্ধ ব্ৰহ্মাৰ মানস।
মোহৰ ইঙ্গিত জানি,  চাৰি মহা ব্ৰহ্ম-জ্ঞানী
 পৃথিবীত হৈবেক প্ৰকাশ॥
প্ৰথমে শঙ্কৰাচাৰ্য্য,  পৰম বৈষ্ণৱ তেজ,
  তাৰ পৰে চৈতন্য গৌৰাঙ্গ।
হৰিব্যাস, ৰামানন্দ,  সৰ্ব্বশাস্ত্ৰে বিশাৰদ.
 মহাজ্ঞানী মানি নিবা সঙ্গ॥
এহি চাৰি জন ধীৰ,  হৈবে আসি অৱতাৰ,
 পাষণ্ড সবক কোপমনে।
যেন চাৰি চন্দ্ৰ সূৰ্য্য,  কপট আন্ধাৰ নাশি,
 হৈবেক উদয় চাৰি জনে॥
গৌতমৰ গৃহে যাই, আমি উপজিব যাই,
 তোমাত হৈবহু বৰ লুলি॥
জ্ঞানে মোক চিনিবাহা,  সবাহাকে কহিবাহা,
 উপজিলা দামোদৰ বুলি॥

———