এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
হৰি হৰৰ কথোপকথন ৷
আমি তযু প্ৰাণ জায়া, মোক যেবে আছে দয়া,
ছেদিয়োক ইহাৰ সংশয়।
হেন শুনি পশুপতি, সাদৰে উমাক মাতি,
শুনা আবে কহিবো নিৰ্ণয়॥
তুমি জগতৰ সাৰ, তুমি বিনে নাহি আৰ,
লোকৰ চিন্তিলা কিনো হিত।
এহি বুলি ত্ৰিপুৰাৰি, প্ৰিয়াক আশ্বাস কৰি,
লাগিলা বিষ্ণুক অবাধিত॥
হাতে জপ্য মালা ধবি, বিষ্ণুক আহ্বান কৰি,
মূল মন্ত্ৰ উচ্চৰে সঘনে।
বৈকুণ্ঠত থাকি হৰি, জানিলা নিশ্চয় কৰি,
আমাক আবাধে ত্ৰিনয়নে॥
নাইবো কৈলাস প্ৰতি, সাধিবো হৰৰ প্ৰীতি,
এহি বুলি আথবেথ কৰি।
সঙ্গে পাৰিষদগণ, উপস্থিত নাৰায়ণ,
যথাত আছন্ত হৰ গৌৰী॥
বিষ্ণুক দেখিয়া হৰ, কৌতুকৰ নাহি পাৰ,
ৰত্নৰ আসন দিলা আনি।
পাৰিষদগণে বেঢ়ি, বসিলত শাৰি শাৰি,
আসনে বসিলা চক্ৰপাণি॥