সমললৈ যাওক

পৃষ্ঠা:ভবিষ্যত কথা.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
সন্ত চরিত্ৰ ৷

সবাহাকে হৰিৰ চৰণে সমৰ্পিবা।
যতেক বিষয় কৰ্ম্মদোষক এৰাইবা॥
কৃষ্ণৰ চৰিত্ৰ নিতে শুনিয়ো শ্ৰৱণে।
সদায় বিষয় কথা নুশুনিবা কৰ্ণে॥
সুখে দুঃখে মুখে নছাৰিবা হৰিনাম।
ৰাত্ৰি দিনে সদায়ে কৰিবা তান কাম॥
কহে দ্বিজ বৰে তেবে তৰিবা সংসাৰ।
বোল ৰাম ৰাম হৌক পাতেক সংহাৰ।

_____

হৰ হৰিৰ কথোপকথন।

দোলড়ি।

শুক নিগদতি,  শুনিয়ো নৃপতি,
 কৃষ্ণr কথা বিচিত্ৰ।
পাৰ্ব্বতীত হবে, যি কথা কহিলা
 শুনিয়োক সুচৰিত্ৰ॥

ছবি।


হৰৰ চৰণ সেবি, পুছন্ত পাৰ্ব্বতী দেবী,
 কহা প্ৰভু জগতব পতি।
ঘোৰ কলিযুগে নৰে, কিমতে সংসাৰ তৰে,
 কহা প্ৰভু ইহাৰ যুকুতি॥