পৃষ্ঠা:ভবিষ্যত কথা.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
পুনঃ কৃষ্ণ পৃথিবীলৈ গমনৰ কাৰন।


এহি দুই প্ৰয়োজন আছয় কৃষ্ণৰ।
তৰণৰ হেতু বসুদেৱ দৈৱকীৰ॥
পূৰ্ব্বে গৌতমক বব দিয়াছে আপুনি।
পুনঃ পৃথিবীত অৱতাৰ চক্ৰপানি॥
সঞ্জাত নকৰা যদি আমাৰ বচন।
বিচাৰি চাহিযো তবে নাৰদী পুৰাণ॥
শুনা সৰ্ব্বজন কৃষ্ণ-কথা সাৱধানে।
লভিবা পৰম গতি ইহাঙ্ক শ্ৰৱণে।
অসাৰ সংসাৰ সুখ নাহিকে কিঞ্চিৎ।
বিষ কলহৰ যেন মুখত অমৃত॥
ধন জন বন্ধু যত পুত্ৰ প্ৰাণ জায়া!
নাহিকে বিশ্বাস অতি যেন মেঘ-ছায়া॥
তিলেকে মিলায় সুখ তিলেকতে দুঃখ।
হেন জানি বিষয়ত হুয়োক বিমুখ॥
জীৱন উপায় আৰে কৰা ৰাত্ৰি দিনে।
সৰ্ব্ব কৰ্ম্ম সমৰ্পিয়ো কৃষ্ণৰ চৰণে।
তেবে নবান্ধিব বিষয়ৰ কৰ্ম্ম দোষে।
আপুনি সন্তুষ্ট হুইব প্ৰভু হৃষিকেশে॥
শয়নে, ভোজনে, স্নানে পুত্ৰক পালনে।
ভাৰ্য্যা সম্ভাষণে আৰু কৰ্ম্ম সাধনে॥