পৃষ্ঠা:ভবিষ্যত কথা.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
সন্ত চৰিত্ৰ।


কৰিলন্ত ইন্দ্ৰে মোৰ বংশ কলুষিত।
এহি মোৰ কূযশ ৰহিলা পৃথিবীত॥
ইটো মোৰ মনোৰথ কৰিয়ো পূৰণ।
এহি বৰ দিয়া প্ৰভু নমাগোঁহু আন॥
ষিক সম্বোধি মাতিলন্ত চক্ৰপানি।
তোমাৰ কাৰ্য্যক মই মনে আছো জানি॥
পৃথিবীক যাইবেক ইচ্ছা আছে মোৰ।
হৈবো মই তোমাৰ বংশত অৱতাৰ॥
অবশ্যে কৰিবো মই বাঞ্চিত পূৰণ।
এহি বুলি অন্তৰ্দ্ধান ভৈলা ভগবান॥
পাছে ঋষিৰাজ মহা কৌতুহল মনে।
নিজ আশ্ৰমক আদি লন্ত ৰঙ্গ মনে॥


পুনঃ কৃষ্ণ পৃথিবীলৈ গমনৰ কাৰন।

 শুক মুনি বোলন্ত শুনিয়া নৰেশ্বৰ।
কহিলো কৃষ্ণৰ কথা, তপ গৌতমৰ॥
নাৰদে কহিলা আগে ব্যাসৰ আগত।
মহা দয়া ভৰে পিতৃ কহিলা আমাত॥