সমললৈ যাওক

পৃষ্ঠা:ভবিষ্যত কথা.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
সন্ত চৰিত্ৰ।


শ্ৰীবৎসৰ পান্তি শোভা কৰে হৃদয়ত।
পঞ্চবিধ বনমালা আজানুলম্বিত॥
চাৰিখান বাহু নীল ভুজঙ্গ আকাৰ।
প্ৰকাশে কেয়ূব তাতে সুবৰ্ণৰ তাৰ॥
কনক-কঙ্কন চাবি হাতে চাৰি অস্ত্ৰ।
শ্যামল শৰীৰে শোভা কৰে পীতবস্ত্ৰ॥
দশ অঙ্গুলিত জ্বলে বস্তব অঙ্গুঠি।
সচকিতে ঋষি চাই আছে এক দৃষ্টি॥
কঙ্কালে মেখলা তাতে ঝলকে কিঙ্কিনী।
পৃথিবী লোটায় পিন্ধি আছে পীত ভূনি॥
ক্ষীণ মধ্য দেহা তাতে নাভি সুগভীৰ।
রূপ দেখি মদনব দৰ্প হোয়ে চুৰ॥
বৰ্ত্তুল বলিত ঊৰু যেন বাম কল।
নাহিকে উপমা জানু জঙ্ঘা সুকোমল॥
উভয় চৰণ যেন নব পদ্মকোষ।
যাক দেখি ভকতৰ পৰম সন্তোষ॥
ৰত্নৰ নপুৰ তাতে ৰুনু ঝুনু বাজে।
নখ চন্দ্ৰ সম দশ অঙ্গুলি বিৰাজে॥
পদতল অৰুণ নবীন কিশলয়।
ধ্বজ ব্ৰজ ছয় পদ্ম অঙ্কুশে ৰঞ্জয়॥