পৃষ্ঠা:ভবিষ্যত কথা.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
বিষ্ণুৰ বৰ প্ৰদান।


পাছে গড়ুৰত আৰোহিলা নাৰায়ণ।
ত্বৰিতে প্ৰবেশ ভৈলা গৌতমৰ স্থান॥
কৃষ্ণক চিন্তিয়া ঋসি আছে হৃদয়ত।
ভৈলন্ত বেকত প্ৰভু হৃদয় পদ্মত॥
কতো বেলি হৃদয়ত কৃষ্ণক নেদেখি।
কিছু কিছু কবি ঋষি মেলিলন্ত আঁখি॥
চাহিবাক নপালে চক্ষুত লাগে জ্যোতি।
কোটী সূৰ্য্য সম শোভে শৰীৰৰ কান্তি॥
প্ৰসন্ন বদন যেন চন্দ্ৰৰ মণ্ডল।
দৰ্পণ আকাৰ যেন কুসুম কমল॥
শিৰত কিৰিটী প্ৰকাশয় যে ৰত্নৰ।
কুটিল অলকা শোভে চৌপাশে শিৰৰ॥
ৰত্নৰ তিলক শোভা কৰে ললাটত।
ভ্ৰূৰ যুগ মদনব ধনু মনোনীত॥
অৰুণ কমল পাহি আয়ত লোচন।
মকৰ কুণ্ডলে উল্লসিত দুই কৰ্ণ॥
নাসা তিল-ফুল সম ৰাতুল অধৰ।
চাৰু দন্ত পান্তি কুণ্ডকবী সমসব॥
মুখে মন্দ হাসি বোল চন্দ্ৰমাক গঞ্জে।
কম্বুকণ্ঠে লম্বিত কৌস্তভ মনি বঞ্জে॥