পৃষ্ঠা:ভবিষ্যত কথা.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
বিষ্ণুৰ বৰ প্ৰদান।


হেন চমৎকাৰে প্ৰভু গড়ুৰত চৰি।
ঋষিৰ আগত আছে দিব্য মূৰ্ত্তি ধৰি॥
তবধ নয়নে চাই আছো দৃষ্টি ভৰি।
প্ৰেমে পুলকিত তুনু গৈলেক শিহৰি॥
আনন্দে আকুল হুয়া গদগদ মাত।
কৃষ্ণৰ আগত পৰিলন্ত দন্তৱত॥
পুনৰপি উঠি কৰ যোড়ে প্ৰণিপাতে।
প্ৰদক্ষিণ কৰি প্ৰণমিলা দণ্ডৱতে॥
কৃষ্ণৰ সম্মুখ হুয়া কৰ যোড় কৰি।
আৰম্ভিলা স্তুতি বেদ বেদাঙ্গ উচ্চৰি॥
“নমো নমো ত্ৰিগুণ ঈশ্বৰ বাসুদেৱ।
নাৰায়ণ নিৰঞ্জন, নিৰ্গুণ মাধৱ॥
সমস্ত ভুতৰ প্ৰভু তুমি হৃদয়ত।
তথাপি কাহাৰো মনে নহোৱা বেকত ॥
ব্ৰহ্মা হৰ আদি কৰি যত দেৱচয়।
তোমাৰ মহিমা কোনজনে নজানয়॥
আমি কেন মতে জানিবোহু তযু তত্ত্ব।
জানিবা আমাক তযু মায়ায় মোহিত॥
যত জীৱ জন্তু চৰাচৰ তৰু তৃণ।
স্থাবৰ জঙ্ঘম গিৰি সাগৰ গগন ॥