সমললৈ যাওক

পৃষ্ঠা:ভবিষ্যত কথা.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সন্ত চৰিত্ৰ।


মহা তপোধন ঋষি নিজ যোগ বলে।
অম্ৰাৱতী কৰি লৈবে পাবে অবিকলে॥
আপুনি স্ৰজিলা প্ৰভু ইটো ত্ৰিজগত।
তপৰ প্ৰভাবে ঋযি কৰে সমাপত॥
তোমাৰ চৰণে প্ৰভু কৰোঁ নিবেদন।
কৰা প্ৰতিকাৰ প্ৰভূ পশিলো শৰণ॥
ইন্দ্ৰৰ বচন শুনি পাছে হৃষিকেশ।
শুনিয়ো দেবতা মোৰ আদেশ নিশেষ॥
কিসক কৰাহা চিন্তা দেবতাৰ ৰায়।
অম্ৰাৱতী লৈবে গৌতমৰ ইচ্ছা নাই॥
সিহেতু কৰন্ত তপ ঋষি মহাশয়।
আমি জানো তাহান সস্তে কাৰ্য্যচয়।
পৃথিবীক নিবে মোক কৰয় যতন।
পৃথিবীক খাইবে লাগি মোব আছে মন।
নাহিকে সুখত ৰতি নলাগে মুকুতি।
সিটে মহা যোগী কি কবিবে অম্ৰাৱতী॥
এহি বুলি নাৰায়ণে অল্প কৰি হাসি।
দেৱক নিৰ্ভয় দিলা প্ৰবোধি আশ্বাসি॥
কৃষ্ণক প্ৰণমি চলি গৈলা দেৱগণ।
কৌতুহলে প্ৰবেশিলা আপোন ভুবন।