পৃষ্ঠা:ভবিষ্যত কথা.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
অহল্যা হৰণ।


মই উপজিবে দেখি দুঃখক পাশৰি।
পলুৱাই থৈয়া মোক আছিল আশাকৰি॥
মোব পিতৃ মাতৃ হই ভুঞ্জিলা ললাটে।
তথাপি নেৰাইলা হাত বিধিৰ কপটে॥
ইথানক আসিলো তাসম্বাক এৰি।
পৃথিবীত কুযশ ঘোষিব নৰনাৰী॥
ইটো কুযশক মই কিমতে এৰাওঁ।
কেন মতে তামম্বাক সংসাৰ তৰাও॥
কত বেলি গুণি কৃষ্ণেঃ আছিলা মনত।
আৰবা দুনাই পৃথিবীত হইব জাত।
তাসম্বাৰ গৃহে পুনৰপি উপজিব।
পিতৃ মাতৃ দুহান্তৰ চিত্তক ৰঞ্জিব॥
ধৰ্ম্মৰ ভাগিলা কলি তিনিয়ো চৰণ।
বিপৰ্য্যয় ভৈলা সন্ত মহন্তৰ মন॥
ধৰ্ম্মক এৰিয়া অধৰ্ম্মক যাই চিত্ত।
হৈব সবে ঘোৰ কলি মায়াত মোহিত॥
সিসব লোকক মই তাবিবো যতনে॥
ভকত বৎসল মোক বোলে এহিগুণে॥
এহিমতে ভকতৰ গুণক সুমৰি॥
বৈকুণ্ঠ পুৰত বসি আছন্ত মুৰাৰি।