পৃষ্ঠা:ভবিষ্যত কথা.djvu/৫৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৩৮ সষ্ট চৰিত্ৰ। মনত ভৰষা কৰে পিতৃ মাতৃ দুই। এহি মতে সুখভোগ ভুঞ্জিব সদায়॥ অনুক্ৰমে বৃদ্ধকাল হৈব কত দিনে। পুত্ৰগণে প্ৰতি পাল কবিব যতনে। পছে দেহ এবি দুয়ো স্বৰ্গে যাব চলি। বাম কৃষ্ণ বঙ্গে দিব পিণ্ড জলাঞ্জলি। এহি মতে আশা কৰি আছিলন্ত দুই। বাঞ্ছ৷ সিদ্ধি কবিবাক নপাৰিলে মই।। মোব ইচ্ছাতেসে ঋষিগণে শাপিলন্ত। একে লগে যদুকুল সবে ভৈলা হত। আসিলো নিজ স্থানে পৃথ্বী ভাৰ হৰি। পাছব কথাক মই নচাইলোহু ফিৰি। মোব অৰ্থে যত দুঃখ পাইলা পিতা মাতা। নাপালে পালিব দোহে চলিলা বিধাতা॥ কিননা মায়া ইটো মোৰ দুঃসহ সতত। মোৰ পিতৃ মাতৃ নতৰিলা সংসাৰত। সামান্য কোন কথা মায়াৰ আগত। ময়ো মোহ হও কতো আপন মায়াত। দেখা পাৰিষদগণ মায়াৰ প্ৰভাৱ। ভালেতে সংসাৰ-বনে ভ্ৰমে জীৱ সব॥