এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
অহল্যা হৰণ।
গোকুলত থাকি দুঃখ শুনো দুহান্তৰ।
নিতে নানা দুঃখ দেয় কংশ দুৰাচাৰ॥
সেহি সব শুনি মোৰ মনে বব শোক।
দাদা বলভদ্ৰ সমে গৈলো মথুৰাক॥
মহা বৈবি কংশক বধিলো চলে বলে।
পিতৃ মাতৃ দুঃখ গুচালোঁ সকলে॥
উগ্ৰসেন ৰাজাক পাতিলোঁ অধিকাৰী।
সাগৰৰ মধ্যত পাতিলে দিব্য পুৰী॥
কৰিলোঁ বিবাহ কন্যা যোড়শ হাজাৰ।
দেখি পিতৃ মাতৃ দোহে আনন্দ বিস্তাৰ॥
মোৰ গৃহবাস দেখি পিতৃ মাতৃ দুই।
দূৰ গৈলা দুঃখ আনন্দৰ সীমা নাই॥
অনেক বিস্তৰ ধন ৰত্ন অলঙ্কাৰে।
ৰথ, হয়, হস্তী, দাস, দাসী আৰম্বৰে॥
আনু নানা বিভব যে নাহি পবিমিতি।
দেখি দুহান্তৰ যে আনন্দ মন আতি॥
মোব বিদ্যমানে পূৰ্ব্বে যত দুঃখ পাইলা।
সি সব পাশৰি কিছু মন সুস্থ ভৈলা।
পাইলা ৰত্ন-হাট পাইলেক বেহাইবাক।
ফতেকতে বিধি আসি মিলালা বিপাক॥