এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অহল্যা হৰণ।
নিজ ৰূপে দেখা দিয়া বোলো লোৱা বব।
বুলিলেক পুত্ৰ হোক তুমি সমসৰ॥
এহি হৌক বুলি মই বৰ দিয়া গৈলো।
দুইবাব তাহান গৃহত উপজিলোঁ॥
পুনু যদুকুলে বসুদেৱ দেৱ সুত।
দৈৱকীক বিবাহ কৰিলা মথুৰাত॥
সভাৰ্য্যা গৃহক বঙ্গে আসে বসুদেৱ।
লগতে চলন্ত কংশে কৰিয়া উৎসৱ॥
আকাশী বচন শুনি কংশ মন্দচিত।
কাটো বুলি দৈৱকীৰ ধৰিলা কেশত॥
বসুদেৱে আগ পাছ বুঝাই অনেক।
কংশৰ হাতৰ এৰুৱালা দৈৱকীক॥
পূৰ্ব্বৰ তপস্যা ফলে দৈৱকী সুন্দৰী।
প্ৰকাশ কৰয় মোক উদৰত ধৰি॥
পাছে আদি অন্ত কথা কংশ মহাভাগ।
নাৰদৰ মুখে শুনি উঠি গৈলা ৰাগ॥
লগাই নিহাল বসুদেৱ দৈৱকীক।
বন্দীশালে নিগ্ৰহি ৰাখিলা দুহান্তক॥
যি বেলাত বসুদেৱ দুখুনী দৈৱকী।
ঘোৰ যাতনাত দুঃখে কান্দে মকমকি॥