এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
সন্ত চৰিত্ৰ।
প্ৰেম ভাবে ভজি বশ কৰিলা আমাক।
তাসম্বাক এৰি না পাৰোহো আসিবাক॥
শয়নে ভোজনে মোক চিন্তে ৰাত্ৰি দিন।
তাসম্বাক এৰিবে খোজন্তে ফুটে প্ৰাণ॥
উদ্ধৱ পৰম প্ৰিয় আছিল আমাৰ।
আৰু সখি আছিল অৰ্জ্জুন ধনুৰ্দ্ধৰ॥
বিদুৰ সহিত মোৰ আছিল পিৰিতি।
দ্ৰোপদী কবিলা মোক সপ্ৰেম ভকতি॥
আছিল মৈত্ৰেয় মুনি আমাৰ ভকত।
ধৰ্ম্ম নৃপতিও মোক সুমৰে সতত॥
আনু নানা বৈষ্ণৱ আছিল মোৰ হিত।
তাসম্বাক নেদেখি নৰৱে মোৰ চিত্ত॥
অছিলন্ত নন্দ যশোদাব মহা ভাগ্য।
পুত্ৰ বুলি আমাক গৃহতে পাইলা লাগ॥
আনু গোপ গোপীৰ কহিব কথা কত।
বসুদেৱ দৈৱকীৰ পৰিল মনত॥
শিশুকাল হন্তে তাসম্বাৰ দুঃখ স্মৰি।
নমাইলেক মাথ কিছু ঈশ্বৰ মুৰাৰি॥
পূৰ্ব্বে ঘোৰ তপ আচৰিলা দুয়ো প্ৰাণী।
তুষ্ট হুয়া দোহাক দেখা দিলোহো আপুনি॥