সমললৈ যাওক

পৃষ্ঠা:ভবিষ্যত কথা.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
অহল্যা হৰণ।


পুনৰপি বোলে “প্ৰাণেশ্বৰী শুনিয়োক।
মই কৃষ্ণ পূৰ্ণ ব্ৰহ্ম নিচিনা আমাক॥”
লক্ষ্মীয়ে বোলন্ত “মই মহা ভয় ভৈলো।
বানৰৰ কৃষ্ণবৰ্ণ আজিসে দেখিলো॥”
ভাৰ্য্যাৰ শুনিয়া হেন উপহাস বাণী।
লাজে অধোমুখ ভৈলা প্ৰভু চক্ৰপানি॥
হেন দেখি জগত-জননী লক্ষ্মী মাৱ।
দণ্ডবতে প্ৰণমিলা নাৰায়ণ পাৱ॥
পাৱে প্ৰণমিলা প্ৰদক্ষিণ শত কবি।
সখীগণ সমে পাছে নিলা আগ বাঢ়ি॥
ৰত্নৰ আসনে বসিলন্ত নাৰায়ণ।
হাসি হাসি লক্ষ্মী পাছে বুলিলা বচন॥
“এতিক্ষণে আসু বুলি মোক ভাণ্ডি গৈলা।
এতদিন পৃথিবীত কি কাম কৰিলা॥”
শুক নিগদতি শুনিয়োক নৃপবৰ।
লক্ষ্মীৰ শুনিয়া বাণী জগত আধাৰ॥
প্ৰসন্ন বদনে হাসি বুলিলা বচন।
শুনা প্ৰাণ জায়া শুনা পাৰিষদগণ॥
ইহাত যেহেন তোমাসব প্ৰিয় মোৰ।
পৃথিবীতো আছে স্নেহ বান্ধৱ আমাৰ॥