পৃষ্ঠা:ভবিষ্যত কথা.djvu/৪৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সন্ত চৰিত্ৰ।

ব্ৰহ্ম শাপে অহল্যা তেখনে শিলা ভৈলা। পাছে ঋষিৰাজ মনে গুণিবাক লৈলা। কলঙ্ক ভৈলেক এবে মোহৰ বংশত। ইটো কথা ঘোষিবেক ইতিনি লোকত। মই হেন মহা ঋষি ত্ৰিজগতে জানে। ইটো কলঙ্কক মই গুচাও কেমনে। উগুল গুগুল একো নাই সুখ শান্তি। উপায় পাইলেক এক মনে গুণি গান্থি। ত্ৰৈলোক্য ঈশ্বৰ প্ৰভু দেৱ নাৰায়ণ। ভকতৰ মনোৰথ কৰিবে পূৰন। মই তাৰ দাস বাত্ৰি দিনে কবৰ সেৱ। মোক কৃপা কবিবন্ত কৃপালু মাধৱ। তাহান চৰণে মই নিয়ম কৰিব। মূল মন্ত্ৰ স্মৃবি উগ্ৰতপ আচৰিব। কৃপাৰ সাগৰ প্ৰভু দেৱ যদুপতি। মোহৰ বংশত যেবে হোৱে উতপতি তেবেসে গুছয় মোৰ বংশৰ কলঙ্ক। এহি ভাবি ঋষিৰ মনত ভৈলা ৰঙ্গ। উত্তৰক লাগি ঋষি কৰিলা গমন। এৰাইলন্ত নদ নদী বন উপবন।