এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
অহল্য়া হৰণ।
ইন্দ্ৰক শাপিয়া ঋষি আশ্ৰমত পশি।
দেখন্ত অহল্যা আছে অধোমুখে বসি॥
শৃঙ্গাবৰ চিহ্ন সব দেখিলা শৰীৰে।
অহল্যাক সম্বোধি মতিলা মুনিবৰে॥
“কহিয়ো অহল্যা মোত স্বৰূপ বচন।
কিবা অথান্তব ভৈলা কহা মোৰ স্থান॥”
হেন শুনি অহল্যাৰ ধাতু গৈলা উবি।
ভয়ে প্ৰণনিলা গৌতমৰ পাৱে ধৰি॥
“শুনিয়োক প্ৰাণনাথ! কহো নিস্ট কবি।
হফিলেক ইন্দ্ৰে মোক তযু বেশ ধৰি ॥
অনেক বুঝালোঁ আগ পাছক চিনাই।
তথাপি হৰিলা মোক কামে অন্ধ হই॥”
বদতি গৌতম “শুনিয়োক দুৰাচাৰী।
স্বৰূপ কহিলি যি কাৰণে নিষ্ট কৰি॥
সিকাৰণে তোক শাপ দিব তনুৰূপ।
শিলা হুয়া থাকা তই অচেতন ৰূপ॥
এহি আশ্ৰমত থাকা সহস্ৰ বৎসব।
ৰাম ৰূপে হবি আসি হৈব অৱতাৰ॥
তাহান পবণে পাইবি শাপত মুকুতি।
তেবেসে আমাক পাইবা কহিলে যুকুতি॥”