পৃষ্ঠা:ভবিষ্যত কথা.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
সন্ত চৰিত্ৰ।

ক্ষমা ইটো দোস মোৰ তুমি ধৰ্ম্মশীলা।”
এহি মতে ইন্দ্ৰে আনু কাকুতি কৰিলা॥
অহল্যা বোলন্ত “ইন্দ্ৰ চলিও সত্বৰ।
যাবে নটো আসি লাগ পাৱে মুনিবৰ॥”
হেন শুনি বাসবে উঠিলা আথেবেথে।
গৃহৰ যাইবে চলি যান্ত ৰাজপথে॥
গৌতমৰ তপ ভঙ্গ ভৈলন্ত তথাত।
আসি লাগ পাইলা মুনি ইন্দ্ৰক সাক্ষাত॥
পুছিলন্ত কথা “তই কোথেৰ পামৰ।
কি হেতু পশিলি তই আশ্ৰম ভিতৰ॥”
শুনি মহা ভীত ভৈল বাসৱৰ মন।
দণ্ডৱতে পৰিলন্ত ঋষিৰ চৰণ॥
“জানিবাহা ইন্দ্ৰ মই পৰম অজ্ঞানী৷
কামে মত্ত হুয়া মই হৰিলো ব্ৰাহ্মণী॥”
ক্ৰোধে বুলিলন্ত “ওৰে ইন্দ্ৰ শুনিয়োক।
স্বৰ্গৰ সুন্দৰীগণে তোক নাতিলক॥
কৰিলি পাপ ব্ৰাহ্মণৰ ভাৰ্য্যা হৰি।
সমস্ত শৰীৰে যোনী হোক আজি ধৰি॥
অণ্ডকোষ চিঙ্গি তোৰ যাউক এতিক্ষণে।
আৰু যেন ইটো কৰ্ম্ম নকৰে আনু জনে॥