পৃষ্ঠা:ভবিষ্যত কথা.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
অহল্যা হৰণ।

এহি মতে অনেক দেখাইলা পূৰ্ব্বাপৰ।
তথাপি নাহিকে ক্ষমা কপট ঋষিৰ॥
স্বামীৰ অধীনা নাৰী বাধিব কিমতে।
এহি ভাবি অধোমুখে ৰহিল তথাতে॥
পুৰুষৰ আভাসে উপজি কাম ভাৱ।
শিথিল মেখলা শিহৰিল সৰ্ব্ব গাৱ॥
হেন দেখি কপট বাসব কামাতুৰ।
অহল্যাক হাতে ধৰি পশিলা ভিতৰ॥
ষোড়শ শৃঙ্গাৰে ক্ৰীড়িলন্ত ভিন্নে ভিন্ন।
নুহিকন্ত স্বামী সতী পাইলন্ত প্ৰমাণ॥
কোনবা পুৰুষে মোক কৰিলেক চল।
মুহিকন্ত ঋষি ইটো জানিলো সকল॥
অহল্যা বোলন্ত “ওৰে কোন দুৰাচাৰ।
চিনা দেহ নুহি শাপি কৰো বুন্দামাৰ॥
আমাক চলিয়া পাপী পাইবি কোন ফল।
ঋষিৰ হাতত পৰি মৰিবি সমূল॥”
শুনি মহা ভয় ভৈলা অমৰ ৰাজন।
ঋষি বেশ এৰি পাছে বুলিলা বচন॥
“হেৰা দেখা প্ৰাণেশ্বৰী মই দেৱৰাজ।
কামে মত্ত হুয়া মই কৰিলোঁ অকাজ॥