পৃষ্ঠা:ভবিষ্যত কথা.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
সন্ত চৰিত্ৰ।

উন্নত কঠিন স্তন প্ৰকাশে হিয়াত।
যেহেন দাড়িম্ব দুই লাগিছে গাছত॥
সৰোবৰ সম নাভি মনসি উদৰ।
নিতম্ব জঙ্গম যেন বহল প্ৰসব॥
বতাহত হালে যেন ডম্বৰূ কঙ্কাল।
বৰ্ত্তুল বলিত ঊৰূ যেন বাম ফল॥
ঝুন ঝুন বাজে পায়ে ৰত্নৰ নপুৰ।
ৰূপ দেখি ঋষিগণ হোৱে কামাতুৰ॥
যেন কামদেব আসি আছে মূৰ্ত্তি ধৰি।
ভ্ৰুযুগ-ধনুত যেন কটাক্ষ-শৰ জুৰি॥
অহল্যাৰ হেন ৰূপ দেখি পুৰন্দৰ।
কামে বিমোহিত হাত পাৱ নহে স্থিৰ॥
সচকিতে আগ পছি চান্ত ঘনে ঘন।
যেন আলগতে ধৰি কৰন্ত চুম্বন॥
মনত গুণন্ত যদি যাও এহি মতে।
মহা শান্তী অহল্যায়ে শাপিব ক্ৰূদ্ধতে॥
কামে মত্ত হুয়া ইন্দ্ৰে এৰিলেক ভয়।
ব্ৰাহ্মণী হৰিব মনে কৰিলা নিশ্চয়॥
পতঙ্গ সকলে যেন মৃত্যুক নাজানি।
কৌতুকতে অগনিত পৰন্ত আপনি॥