সমললৈ যাওক

পৃষ্ঠা:ভবিষ্যত কথা.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
অহল্যা হৰণ।

সেহিমতে পুৰন্দৰে কামে জ্ঞান হীন।
ব্ৰাহ্মণী হৰিতে মনে কৰিলা যতন॥
এৰিলন্ত শৰীৰৰ বসন সমস্ত।
সাক্ষাততে গৌতম যেন ভৈলা কুশ-হস্ত॥
স্বৰূপত দেখি যেন তপস্বীৰ বেশ।
ক্ষীণ ভৈলা দেহা শনসুতা যেন কেশ॥
আয়ত যে চক্ষু কপালত ফোটা জ্বলে।
আজানুলম্বিত ৰুদ্ৰাক্ষৰ মালা গলে॥
স্কন্ধে নৱগুণ দাড়ি গুম্ফ জৰাজৰি।
জপন্তে আছন্ত অঙ্কমালা কৰে ধৰি॥
কঙ্কালত ব্যাঘ্ৰ চৰ্ম্ম হৃদি ভষ্ম ধূলি।
এহি বেশ ধৰি দেবৰাজ গৈলা চলি॥
সঘনে উচ্চৰে ৰাম কৃষ্ণ বনমালী।
হেন দেখি অহল্যা উঠিলা গাৱচালি॥
স্বামী আসিবাক দেখি আথবেথ কৰি।
সাদৰে আসন দিলা প্ৰক্ষালিলা ভৰি॥
কৰ যোৰ কৰি সতী পুছিলন্ত কাজ।
অসময় বেলা কেনে আইলা মুনিৰাজ॥
হেন শুনি কপট বাসৱে বোলে বাণী।
তুমি মোৰ প্ৰিয় পাটেশ্বৰী মহাৰাণী॥