পৃষ্ঠা:ভবিষ্যত কথা.djvu/৩৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অহল্যা হৰণ। নানাবিধ বিহঙ্গম থাকে ক্ৰীড়া কৰি। গুঞ্জৰিত মধুকৰ পদ্মক আবৰি। নানাবিধ ফলভুঞ্জি কোকিলে কবে ৰাও। সুগন্ধি শীতল বহে মলয়াৰ বাও স্থানৰ উপমা যত কহন না যায়। ইন্দ্ৰব নন্দন বন তেহয় পৰায়। হেন আশ্ৰমত আছে গৌতমতপস্বী। সদায় অহল্যা থাকে যাহাক উপাসি। অহল্যাৰ ৰূপ গুণ কহন না যায়। দেৱ বিদ্যাধৰীয়ে যাহাৰ সম নুই। এক দিন ঋষিৰাজ তপস্যাক গৈলা। শুনা মহাৰাজ যেন অনন্তৰে ভৈলা। সেহি দিন। স্বৰ্গ হন্তে আসি পুৰন্দৰ। কৌতুকে পশিলা সেই আশ্ৰম ভিতৰ। দেখিলা অহল্যা বসি আছে একেশ্বৰে। কামে বিয়ামোহ গাৱ ভৈলা পুৰন্দৰে। প্ৰফুল্ল কমল যেন বদন সুভাসে। মুকুতাৰ পান্তি যেন দশন প্ৰকাশে। আয়ত লোচন যেন কমলৰ পাহি। অৰুণ অধৰ, মুখে মনোহৰ হাসি।