পৃষ্ঠা:ভবিষ্যত কথা.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
সন্ত চরিত্ৰ

আমাৰি গামাৰি, মধুফল, শাল, তাল,।
দাড়িম্ব, বদৰি, ফলভৰে ভাঙ্গে ডাল॥
মধুবন, শ্ৰীফল, বকুল, নাগেশ্বৰ।
কাঞ্চন, চম্পক, বক, বন্দুলি, তগৰ॥
কৰবিৰ, মৰুৱা, মন্দাৰ, জুতি, যাই।
জবা, কুন্ত, কুৰুবক, মালতী, মাধাই॥
কেতকী, সেৱতী, সেফালিকা, গুটিমালী।
আনু সব ফুল আছে থানে থানে ফুলি॥
স্থানে স্থানে দীঘি, সৰোবৰ অসংখ্যাত।
কোকনদ, উতপল ফুলি আছে তাত॥
পদ্মৰ সুৰভি গন্ধ বহে দশ দিশে।
গুঞ্জৰিত মধুকৰ পুষ্প-মধু আশে॥
কঙ্ক, বক, চক্ৰবাক পক্ষী থাকে ৰঞ্জি।
ভুঞ্জে ৰাজহংসগণে মৃণাল উভঞ্জি॥
ব্যাঘ্ৰ, ভালুক, হৰিণ একে পালে চৰে।
মুনিব প্ৰভাবে কাকো হিংসা নাহি কৰে॥
মণ্ডুকৰ দম্ভ দৰ্প সৰ্পৰ আগত।
মুষিকৰ গালাগালি বিড়ালি সহিত॥
আশ্ৰমৰ সমীপত আছে পদ্মবন।
শ্বেত, ৰক্ত পদ্ম ফুলি আছে থানে থান॥