পৃষ্ঠা:ভবিষ্যত কথা.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
ভবিষত কথা।

ইন্দ্ৰ কৰ্ত্তৃক ছদ্মবেশে অহল্যা হৰণ ৷

পদ।

শুকমুণি বোলন্ত শুনিয়ো পৰীক্ষিত।
বসুদেৱ দৈবকীৰ জন্ম কৰ্ম্ম যত॥
সৱাক কহিলো মই ভাগ ভাগ কৰি।
আৰো কহোঁ কৃষ্ণ কথা শুনা কৰ্ণভৰি॥
পু’ছলাহা যি কাৰণে পূৰ্ব্বে নাৰায়ণ।
গৌতম গৃহত যাই ভৈলা উতপন॥
ঋষিৰ কথাক মই কহিলোঁ সমস্ত।
কৃষ্ণক সুমৰি ৰাজা মন কৰা সুস্থ॥
গৌতম ঋষিৰ আছে আশ্ৰম উত্তম।
ফুলে ফুলে জ্যোতিষ্কৰ দেখি মনোৰম॥
যত নানা তৰুলতা কহিব কতেক।
কিছু কিছু কৰি কহোঁ শুনিয়ো প্ৰত্যেক॥
কদলী, কন্দলী, আম, জাম, দৱা ফল।
কৰ্দ্দে, পিছু, মৰ্দ্দক, কপিত্থ, নাৰিকল॥
জমিৰ, জস্কৰা, আৰু সলঙ্গা, থৈকাৰা।
গুৱা, নাগবল্পী, কৰমৰ্দ্দক, সন্তাৰা॥