পৃষ্ঠা:ভবিষ্যত কথা.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
সন্ত চরিত্ৰ।

কোন নো পণ্ডিত সৱে,  ইটো কথা নমানিবে,
 কহোঁ মই উৰ্দ্ধবাহু কৰি।
তথাপি বিশ্বাস নাই,  পণ্ডিত সমাজে যাই,
 দেখা গই পুবান বিচাৰি॥
হেন জানি আন এৰি,  তান গুণ নাম স্মৰি,
 সাধিয়োক আপোন কুশল।
দুৰ্ল্লভ মনুষ্য তনু,  সেন্থবাই না পাই পুনু,
 নকৰিবা ইহাক বিফল॥
ত্যজিয়া বিষয় ধান্দা,  ৰাম নাম গলে বান্ধা,
 তেবেসে সংসাৰ সুখে তৰি।
নমানাহা যদি হিত,  আসি পাইবে যম দুত,
 নবক পন্থক নিবে ধৰি॥
হৈব বল বুদ্ধি চুব,  কৰিব যাতনা ঘোৰ,
 তেবেসে গুণিবা মনে মনে।
ইটো যম যাতনাত,  তাৰন্তা নাহিকে আন,
 ভকত বৎসল হৰি বিনে॥
জানি আন কৰ্ম্ম ত্যজা  কৃষ্ণৰ চৰণে ভজা,
 মুখে লোৱা মাধৱৰ নাম।
কৃষ্ণ দাস দ্বিজবৰে,  কহে সব নিৰন্তৰে,
 সঘনে ঘোষিয়ো ৰাম ৰাম॥