পৃষ্ঠা:ভবিষ্যত কথা.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
ভবিষ্যত কথা।

মহা পূণ্যশীলা সতী,  দৈবকীয়ে পুনুৰূপি,
 হৈব গৈয়া ব্ৰাহ্মণৰ কন্যা।
সুশীলা নামত খ্যাতি,  সদানন্দ মহামতি,
 বিহাইবেক দেখি মহাধন্যা॥
পাছে প্ৰভু নাৰায়ণ,  পিতৃ মাতৃ দুহান্তক
 উদ্ধাৰিব মনে পুনৰ্ব্বাৰ।
ব্ৰাহ্মণৰ ৰূপ ধৰি,  দামোদব ৰূপে হৰি,
 সুশীলাত হৈব অৱতাৰ॥
ইটো গুহ্যতৰ কথা,  নাহি হৈব অন্য তথা,
 সৱশেষে কহিলোঁ সকল।
আৰু যি তোমাৰ মনে,  যতেক সংশয় আছে,
 সমস্ত কহিবোঁ মহীপাল॥
শুনিয়োক সৰ্ব্বজন,  কৃষ্ণত অৰ্পিয়ো মন,
 সংসাৰৰ দেখা কেনে গতি।
বসুদেৱ দৈবকীয়ো  গৃহতে কৃষ্ণক পাইয়ো,
 তথাপিতো না পাইলো মুকুতি॥
কলি যুগে অৱতবি  দামোদৰ নাম ধৰি,
 পিতৃকুল নিস্তাৰ কৰিলা।
আন সব নৰ নাৰী,  তাহাতে ভকতি কৰি,
 দুৰ্ল্লভ মুকুতি পদ পাইলা॥